Twitter | Search | |
News18 Assam & NE
News18 Assam NE, Network18 Group caters to News & information to the North East viewers. Network18 Group is presently the largest Television Network in India.
52,160
Tweets
69
Following
10,648
Followers
Tweets
News18 Assam & NE 20m
ঘন কুঁৱলীৰ বাবে দিল্লীত ব্যাহত ৰে’লসেৱা। আজি ২১খন ৰে’লৰ যাত্ৰাত বিলম্ব। নিৰ্ধাৰিত সময়তকৈ পলমকৈ চলিব ২১খন যাত্ৰীবাহী ৰে’ল। কুঁৱলীৰ ফলত ধাৰাবাহিকভাৱে ৰাজধানী দিল্লীত ব্যাহত হৈছে ৰে’লসেৱা।
Reply Retweet Like
News18 Assam & NE 21m
আজি নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২২সংখ্যক জন্মজয়ন্তী। ১৮৯৭ চনৰ আজিৰ দিনটোতে কটকত জন্মগ্ৰহণ কৰিছিল নেতাজীয়ে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নেতাজীৰ জন্মজয়ন্তী উপলক্ষে আয়োজন ভিন্ন অনুষ্ঠানৰ। দিল্লীৰ লালকিল্লাত সুভাষ চন্দ্ৰ বসু সংগ্ৰহালয় ৰাষ্ট্ৰৰ নামত সমৰ্পণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।
Reply Retweet Like
News18 Assam & NE 23m
বিজেপিৰ দখলত ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদ। মুঠ ২৮খন আসনৰ ভিতৰত বিজেপিয়ে দখল কৰে ১৯খন আসন। কংগ্ৰেছে লাভ কৰিছে মাত্ৰ দুখন আসন। আনহাতে, অগপই এখন আসন লাভ কৰাৰ বিপৰীতে ৬খন আসনত জয়লাভ কৰিছে নিৰ্দলীয় প্ৰাৰ্থীয়ে।
Reply Retweet Like
News18 Assam & NE 27m
বৰপেটা চহৰত ভাৰতীয় ষ্টেট বেংকৰ এটা ATMত অগ্নিকাণ্ড। শ্বৰ্ট চাৰ্কিটৰ ফলতে ATMটোত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ। জুইত সম্পূৰ্ণৰূপে ভস্মীভূত ATMটো। স্থানীয় লোকে তৎপৰতাৰে নিৰ্বাপিত কৰে জুই। অগ্নিনিৰ্বাপক বাহিনী বহু পলমকৈ উপস্থিত হোৱাত ক্ষোভ প্ৰকাশ কৰে ৰাইজে।
Reply Retweet Like
News18 Assam & NE 27m
শিৱসাগৰৰ দৰিকাপাৰত পৃথক পৃথক দুৰ্ঘটনাত নিহত দুই যুৱক। নিহত যুৱক দুজন আমগুৰিৰ পাপু বৰা আৰু টীয়কৰ কৃষ্ণ দাস। নিয়ন্ত্ৰণ হেৰুৱাই এটা টেলিফোনৰ খুটাত খুন্দা মৰাৰ ফলতে নিহত হয় বাইক আৰোহী পাপু বৰা। আনহাতে, এখন বলেৰ’ পিক–আপ ভানে খুন্দা মৰাৰ ফলতে থিতাতে নিহত হয় বাইক আৰোহী কৃষ্ণ দাস।
Reply Retweet Like
News18 Assam & NE 28m
জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আজি আছুৰ লগতে ৩০টা জনগোষ্ঠীয় সংগঠনৰ বজ্ৰনিনাদ। লতাশিল খেলপথাৰত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে ৩০ সংগঠনে। কোনো কাৰণতে নাগৰিকত্ব সংশোধনী বিধেয়ক মানি লোৱা নহ’ব বুলি হুংকাৰ সংগঠনসমূহৰ। জাতিৰ সংকটকালত ঐক্যবদ্ধভাৱে যুঁজাৰ সংকল্প।
Reply Retweet Like
News18 Assam & NE 29m
ৰাজ্যৰ ৫০০ কোটিটকীয়া বীমা কেলেংকাৰী সন্দৰ্ভত দিল্লীত অসম আৰক্ষীৰ অভিযান। উপ–আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত চলা অভিযানত দিল্লীত গ্ৰেপ্তাৰ দুই অভিযুক্ত চোহন লাল আৰু সুনীতা। হিচাৰৰ পৰা চোহন লালক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে পানীপথৰ পৰা গ্ৰেপ্তাৰ কৰে সুনীতাক।
Reply Retweet Like
News18 Assam & NE 10h
হোজাইৰ লংকাত NIAৰ অভিযান। হিজবুলৰ সৈতে জড়িত থকাৰ সন্দেহত লংকাত এজনক সোধাপোছাৰ বাবে আটক কৰে। ধৃত আনোৱাৰ হুছেইন। আনোৱাৰ হুছেইনৰ ঘৰ যমুনামুখত। আটকাধীন আনোৱাৰক লংকা থানাত NIAৰ এটা দলে কেইবা ঘণ্টাজোৰা চলাই জেৰা।
Reply Retweet Like
News18 Assam & NE 12h
ৰঙিয়া থানাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে সমাজকৰ্মী হৰেশ্বৰ বৰ্মনে
Reply Retweet Like
News18 Assam & NE 13h
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে বিশ্বনাথত অগপৰ জোঁৰ সমদল। চৰকাৰ বিৰোধী শ্লগানৰে উত্তাল ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ। প্ৰাক্তন মন্ত্ৰী প্ৰবীন হাজৰিকাৰ নেতৃত্বত প্ৰতিবাদ সাব্যস্ত।
Reply Retweet Like
News18 Assam & NE 13h
Replying to @News18Northeast
আটাইকেইজন নেতাই অনাগত সময়ত বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰাৰ আশ্বাস দিয়ে। বুধবাৰেও বহু কেইজন বিৰোধী নেতাক সাক্ষাৎ কৰিব দলটোৱে।
Reply Retweet Like
News18 Assam & NE 13h
নতুন দিল্লীত কৃষক নেতা অখিল গগৈ আৰু AJYCP নেতা পলাশ চাংমাই। বিধেয়কৰ বিৰোধিতাৰ বাবে ৭০টা দল–সংগঠনৰ হৈ সাক্ষাৎ কৰিছে বহু কেইজন বিৰোধী ৰাষ্ট্ৰীয় নেতাক। পুৱা JDU নেতা কে চি ত্যাগীক সাক্ষাতৰ পিছত বিয়লি কংগ্ৰেছ নেতা জয়ৰাম ৰমেশক সাক্ষাৎ কৰে।
Reply Retweet Like
News18 Assam & NE 13h
Replying to @News18Northeast
শিৱসাগৰৰ জেঙনিকটিয়াত যুৱ সমাজৰো প্ৰতিবাদ সাব্যস্ত। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে জোঁৰ সমদল।
Reply Retweet Like
News18 Assam & NE 13h
ৰাজ্যত অব্যাহত বিধেয়ক বিৰোধী প্ৰতিবাদ। নগাঁৱৰ পুৰণিগুদামত জোঁৰ সমদল স্থানীয় ৰাইজৰ। শীঘ্ৰে বিধেয়ক বাতিল কৰাৰ দাবী প্ৰতিবাদী ৰাইজৰ। মুখ্যমন্ত্ৰীকো বিধেয়কৰ বিৰোধিতা কৰিবলৈ আহ্বান প্ৰতিবাদকাৰীৰ।
Reply Retweet Like
News18 Assam & NE 14h
কামপুৰৰ মাধৱপাৰাত বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত চাৰিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান। শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাতৰ সন্দেহ। স্থানীয় ৰাইজে তত্‍পৰতাৰে নিৰ্বাপন কৰে জুই।
Reply Retweet Like
News18 Assam & NE 14h
Replying to @News18Northeast
অসম-মেঘালয় কেডাৰৰ IPS বিষয়াগৰাকী মান্দাকাটা বেটেলিয়নৰ কমাণ্ডেণ্ট হিচাপে কৰ্মৰত।
Reply Retweet Like
News18 Assam & NE 14h
পশ্চিম কাশ্মীৰৰ চফিয়ান জিলাত নিহত হিজবুল মুজাহিদীনৰ দুৰ্ধৰ্ষ সদস্য। নিহত সদস্যজনৰ নাম ছামচুল হক। সেনাবাহিনীৰ সৈতে হোৱা সংঘৰ্ষত নিহত চামচুল হক IPS ইনাম উল হক মেগনৌৰ ভাতৃ। ভাতৃক চিনাক্তৰ বাবে কাশ্মীৰলৈ ৰাওনা IPS বিষয়াগৰাকী।
Reply Retweet Like
News18 Assam & NE 15h
Replying to @News18Northeast
মহাত্মা গান্ধীয়ে অসম ভ্ৰমণকালত জ্যোতিপ্ৰসাদ আগৰৱালাৰ বাসগৃহত ভ্ৰমণ কৰিছিল ইয়াৰ উপৰিও প্ৰতীকপটত প্ৰদৰ্শিত হ’ব অসমৰ কুটিৰ শিল্প,মহাত্মা গান্ধীয়ে অসমৰ কুটিৰ শিল্পক ভ্ৰমণ কালত বিশেষভাৱে প্ৰশংসা কৰিছিল।
Reply Retweet Like
News18 Assam & NE 15h
Replying to @News18Northeast
শুৱালকুছিৰ উপৰিও এইবাৰ অসমৰ প্ৰতীকপটত থাকিব ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ বাসগৃহ ‘পঁকী’।
Reply Retweet Like
News18 Assam & NE 15h
Replying to @News18Northeast
Manchester of the East নামেৰে খ্যাত শুৱালকুছিলৈ ১৯৪৬ চনত মহাত্মা গান্ধী আহিছিল আৰু তেতিয়া শুৱালকুছিৰ শিপিনীক উদ্দেশ্যি মহাত্মা গান্ধীয়ে কৈছিল– ’অসমৰ মহিলাই তাঁতৰশালত সপোন ব’ব পাৰে।’ সেয়েহে শুৱালকুছি আৰু মহাত্মা গান্ধী এইবাৰৰ অসমৰ প্ৰতীকপটৰ বিষয়।
Reply Retweet Like