News18 Assam & NE Sep 12
নেৰানেপেৰা বৰষুণৰ ফলত ওফন্দি উঠিছে জীয়াধলৰ জলপৃষ্ঠ। জীয়াধলৰ বাঢ়নী পানীয়ে বুৰালে গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰদলনিৰ তিনিখন গাঁও। জলমগ্ন ধৰ্মপুৰ, বালিচাপৰি আৰু শিমলুগুৰি গাঁও। স্থানীয় বিদ্যালয়ত আশ্ৰয় লৈছে বানাক্ৰান্তই।